Show/Hide Keyboard Layout

লগন উকলি গ’ল

- বিষ্ণুপ্ৰসাদ ৰাভা

লগন উকলি গ’ল

তেও যে নহ’ল কোৱা

মনৰ কথাটি মোৰ

হিয়াত গুপুতে থোৱা ।

 

কিমান হেঙুলী ঊষা

কিমান জোনালী নিশা

মিছাতেই গ’ল মোৰ

কিমান গধূলি পুৱা ।

 

মলয়াই কাণে কাণে

মনৰ বাতৰি আনে

নিখিলৰ সুৰে সুৰে

হিয়ায়ো গান জুৰে ।

 

শুনিছানে সেই সুৰ

পৰাণ উতলা মোৰ

হৃদয়ৰ গোৱা গান

‘ভালপোৱা ভালপোৱা’ ।।

Hits: 1250